Tuesday, July 3, 2018

SOME EVERLASTING POEMS OF ASSAMESE NOTED POET, WRITER AND LITTERATEUR || প্ৰৱীন অসমীয়া প্ৰসিদ্ধ কবিৰ একুৰি কালজয়ী কবিতা || পুৰণি অসমীয়া কবিৰ জনপ্ৰিয় কবিতা

অসমীয়া কালজয়ী কবিতা
বসন্ত
কবিঃ লক্ষ্মীনাথ বেজবৰুৱা

মালতী ফুলিল, সেউতী ফুলিল
কেতেকী গা মুৰি দিলে ৷৷
সুৰীয়া কুলিয়ে গল কপাঁই গায়
বননিৰ বাতৰি দিলে ৷৷

বকুলে সিচিঁলে তৰা একোকণি
মদাৰে খেলিলে ফাঁকু ৷৷
যুতি ফুলজুপি নিশাহ এৰিলে
পদুমে মেলিলে চকু ৷৷

থুৰিত কৰৱীয়ে সাঁচিলে মৌ টুপি
ভুমিয়ে মেলিলে চঁপা ৷৷
চৰাই হালধীয়া মৌ-মতলীয়া
উলটি কৰিলে কৃপা ৷৷

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
কবিঃ ড° বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য

বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
তুমি সাৰে আছা, সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি ৷৷
বিহুৰ তলিত চিফুং বাঁহীৰ কৰুণ সুৰ
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে ৷
জনতাৰ চকু চকুৰ পানীৰে পূৰ
মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়
"বিষ্ণুৰাভা নাই"
নিজান চেলত তুমি সাৰে আছা
সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল ৷৷
বন্দী তোমাৰ কণ্ঠৰ সুৰ
নাচোনৰ লয়লাস ৷৷
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি
বিষ্ণুৰাভা এতিয়া কিমান ৰাতি ৷
বিহু পথাৰত ৰৈ আছো আমি
ৰৈ আছে এয়া মনোৰমা সখী
ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনী ৷৷
হেজাৰ জনৰ অবিৰাম ফুৰুলি
সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি
কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হব ?
বন্দী সৃষ্টিয়ে কেতিয়ানো সাৰ পাব ?"
প্ৰাণহীন আজি গীত মাত সুৰ
প্ৰাণহীন বিহুতলি
বন্দী শিল্পীৰ বেদনাত জাগে
ৰঙা জীৱনৰ উন্মাদনা
সঁচা আৱেগৰ ৰোল ৷৷
মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে
"কল্লোল বন্ধু ,জীৱনৰ কল্লোল"
ডাচ কেপিটেল এঘাৰ পৃষ্ঠা বাকী
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে ৷
পোহৰ পোহৰ উদয়াচলত ৰবি
নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ'ল সাক্ষী
বিষ্ণুৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি ৷৷
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান
অখ্যাত জনৰ আশা আৱেগৰ বোল ৷৷
ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন
শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই যায়
অখ্যাতজনৰ বোল লাগি হ'ল হেঙুল হাইটাল ৰঙা ৷
তোমাৰ তুলিকা জীৱনৰ চিৰসখী
তুমি য'ত আছা সৰু কাৰাগাৰ
থিয় একোখনি ইটাৰ দেৱাল ৷৷
আমি য'ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা
তোমাৰে আমাৰে বিহু সন্মীলন হ'বলৈ বেলি নাই
হিয়া হালধীৰে দেহ মন ধুই
আমি গোট খাম নৱ জীৱনৰ পুৱা
বিষ্ণুৰাভা সৌৱা ঘূূৰণীয়া বেলি
ৰঙা মুখ ফুটে সঁচা আৱেগত
মুক্তিৰ কঁপনি ৷৷
শেষ নিশা সেয়া অখ্যাতজনৰ সমদল সমাগত
সমস্বৰ ফুটে- "পোহৰ পোহৰ, উদয়াচলত ৰবি "৷৷

সাগৰ দেখিছা
কবিঃ দেৱকান্ত বৰুৱা

সাগৰ দেখিছা ? দেখা নাই কেতিয়াও ? ময়ো দেখা নাই
শুনিছো তথাপি
নীলিম সলিলৰাশি বাধাহীন উৰ্মীমালা আছে দূৰ
দিগন্ত বিয়াপি ৷৷
মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা, বেদনাৰে
দেখা নাই তুমি ৷
উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ ঢউ তোমাৰেই
স্মৃতি-সীমা চুমি।
শুনা নাই ? মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ
উতলা সঙ্গীত ?
বুজা নাই ? অনুভৱো কৰা নাই? ফুলনিত বসন্তৰ
কোমল ইঙ্গিত ?
দেখিছাতো ৰামধেনু ? বাৰিষাৰ আকাশত ডাৱৰৰ পোহৰৰ
মোহন গৌৰৱ;
প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত দেখিছানে
ৰঙৰ উছৱ ?
মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ
হিয়া ভগা মাত ?
ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ
বুকুৰ সম্বাদ !
মই জানো, তুমি কিটো জানা, হেৰা মোৰ হিয়াহীনা প্ৰিয়া !
তুমি জানা মাথোঁ
তুমি তুমি, মই মই। তুমিতো নাজানা হায়, কিয় বাৰু
কিয় আমি গাথোঁ
জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা ? মিলনৰ
কাৰেঙ সোণালী
সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি? হৃদয়ৰ
ৰঙা তেজ ঢালি
প্ৰতিমাৰ পখালোঁ চৰণ, কিয়? তুমি নুবুজিবা সখি !
কিনো বেদনাত
ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ
বিফল সন্ধ্যাত!
সন্ধিয়া আহিছে নামি ? থক হেৰা নেলাগে জ্বলাব চাকি;
দুটি নয়নৰ
সহজ প্ৰভাৰে আজি নাশিবা তিমিৰ তুমি অন্ধকাৰ
মোৰ জগতৰ।

অন্তিম জ্যোতি
কবিঃ ৰঘুনাথ চৌধাৰী

মৰম ভিক্ষাৰী মই বিশ্ব ভাণ্ডাৰত
খুজিছেলো অন্তৰৰ দান
গৰল উদ্ভৱ হ'ল সিন্ধু মন্থনত
অমৃতৰ নেপালো সন্ধান ৷৷৷

উদ্দাম বাসনা ল'ই স্বৰ্ণমৃগ খেদি
সংসাৰত ভ্ৰমিলো কিমান
দুৰ্জয় লালসা তেও নুগুছিল মোৰ
ব্যৰ্থ হ'ল লক্ষ্যভেদী বাণ ৷৷

মৰ্মাহত ব্যথাহত দুৰ্বহ জীৱন
আছে মোৰ আৱৰ্তত ঘূৰি
স্পন্দনত তন্দ্ৰাতুৰ দুৰ্বল চিত্তৰ
জড়তাই নিছে সংজ্ঞা হৰি ৷৷

ব্যথাৰ সহস্ৰ জ্বালা ব্যৰ্থতাৰ গ্লানি
বুকু পোৰা তপত উচ্ছাস
কোনেবা গুচাব মোৰ কোনেবা শুনিব
আৰব্যৰ স্বপ্ন উপন্যাস ৷৷

জীৱনৰ ধ্ৰুৱতৰা মাৰ যাওঁ যাওঁ
অনন্তৰ অন্তিম বুকুত
পৰম আনন্দ ৰূপ ধ্ৰুৱ জ্যোতিকণা
নেপাম  নে আৰু সিলোকত ৷৷

ন আৰু পুৰণি
কবিঃ যতীন্দ্ৰ নাথ দুৱৰা

বই যায় এছাটি বতাহ
নতুনৰ বাতৰি বিলাই
জগতৰ অতীত স্মৃতি
পুৰণিকালৰ পৰাণ কপাঁই ৷৷

কোনে জানে কেনিনো বগায়
মৰমৰ লতাডালি মোৰ
শিপা নাই গুটি নাই তাৰ
সুবাসেৰে অন্তৰ বিভোৰ ৷৷

ওপৰত জিলিকে পোহৰ
নামে ধীৰে তলত আন্ধাৰ
নতুনত পুৰণি পাতনি
ছবিখনি আশা নিৰাশাৰ

এৰি দিয়া সকলোটি আজি
চলি থকা ৰীতি জগতৰ
আমি মাথাঁ যাওঁ আগুৱাই
গাই গীত প্ৰেম মৰতৰ ৷৷

সাৰথি
কবিঃ নলিনীবালা দেৱী

তোমাৰ পৰশে মোৰ মচি দিয়ে হিয়াৰ দীনতা
লক্ষ্যহীন জীৱনত দিয়া নিতে শান্তিৰ বাৰ্তা ৷৷
নিৰাশাৰ হুমুনিয়াহ বুকু ভাঙি আহিলে ওলাই
জনোৱা নীৰৱে তুমি - আছো মই, নাই যোৱা নাই ৷৷
গহীন আন্ধাৰ নিশা ফুৰোঁ যদি বাট খেপিয়াই
বনৰ মালতী গোন্ধে দিয়ে মোক বাট দেখুৱাই ৷৷
মলয় সুৰভি সানি যোৱা তুমি আঁচল উৰাই
জনোৱা নীৰৱে সখী আছো মই, নাই যোৱা নাই ৷৷

ধূলিকণা মই
কবিঃ চন্দ্ৰধৰ বৰুৱা

যিদিনা মৰিম মই সেইদিনা বাৰু
জগতৰ কেনি হানি হব ৷
মৰিলো নে আছো মই, এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব

মই মৰি গ'লেও দিন গ'লে ৰাতি হব
জোন বেলি ওলায়ে থাকিব
গছত ফুলিব ফুল, বতাহ বলিব
নিজ বাটে নক্ষত্ৰ ঘূৰিব

আজিৰ দৰেই নিতে জগত চলিব
নাই তাত অকণো সংশয়
এই বিশ্ব-সংসাৰত কোনো নিয়মৰে
লৰচৰ অলপো নহয় ৷৷

মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নেথাকিব
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নেপাব ৷৷

অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্ৰ ধূলিকণা মই
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ
কেনিও অকণো হানি নাই ৷৷

বৰদৈচিলা
কবিঃ হেমচন্দ্ৰ গোস্বামী

চ'তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়
গছ-গছনি, ঘৰ-দুৱাৰ নিয়ে উৰুৱাই ৷৷

হিল দ'ল ভাঙি- ছিঙি মেলিছা ঢাপলি
লগত নিছা লগৰীয়া যত বা মাৰলি ৷৷

আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ
লাহে ধীৰে গ'লেও দেখোন পাবা মাৰাৰ ঘৰ ৷৷

চোতালত দিছো বৰপীৰা কাকৈ ফণি তাতে
মুৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে ৷৷

মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু
ককায়েৰাই দিব কাপোৰ কানি ভায়েৰাই দিব কেৰু ৷৷

শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা
খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা ৷৷

কাবৌ কৰি মাতিছো আমি লাহে ধীৰে যোৱা
আমাৰ পঁজা ঘৰকেইটি ভালে ভালে থোৱা ৷৷

এইটো নহয়
কবিঃ অম্বিকাগিৰি ৰায় চৌধুৰী

এইটো নহয় হাঁহি- তামাচাৰ ভাগৰ জুৰোৱা গান
ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ তান ৷৷
ই যে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ
ই যে ৰুদ্ধ আত্মশকতি নিজৰি ওলোৱা অনল ভাপ ৷৷
ই যে সুধাৰ কাৰণে দেৱ দানৱৰ সিন্ধু-মথন-গান
ই যে মৃত্যুঞ্জয় পদৰ কাৰণে মহা হলাহল পান ৷৷
ই যে মাতৃ চৰণ পূজাৰ কাৰণে মুক্ত উদাৰ দান
ই যে ভাই ভাই সবে একেটি কথাতে এক হৈ যোৱা প্ৰাণ ৷৷
ই যে হীনতা নীচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাব
ই যে এক ৰূপ-ৰসে এক ৰঙে-চঙে এক কৰি দিয়া চাব ৷৷
ই যে মহা মানৱতা মুৰ্চ্ছিত হোৱা অতি ঘোৰ অপমান
ই যে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিমান ৷৷
ই যে সুপ্ত জীৱন চকোৱা জগোৱা গুৰু গম্ভীৰ তান
ই যে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান
ই যে নৰনাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস
ই যে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণভৰা অভিলাষ ৷৷
ই যে মুক্ত জীৱ বন্ধন কৰা কঠোৰ বেথাৰ হান
ই যে মানুহৰ অবমানননাকাৰীক মৰ্দিত কৰা ধ্যান ৷৷
ই যে শত আঘাতৰ ৰক্ত ধুওৱা শ্ৰাৱনৰ মহা বান
ই যে মাতৃ আদেশৰ সন্তান - প্ৰাণ দিবলগা বলিদান ৷৷

আই
কবিঃ গণেশ গগৈ

অসম অসম অ অসম
জন্মভূমি তীৰ্থ ঠাই ।
ধন্য আমাৰ জন্ম
জননী পূণ্য পদৰ পৰশ পাই ।।

সোণৰ অসম নহৱ আই, তই
ৰূপৰ অসম নহৱ ।
সুজলা সুফলা শস্য শ্যামলা
চেনেহী চিকুণী নহৱ ।।

ধ্যান-ধাৰণাই বিচাৰি নেপায়
বিচাৰি নেপাই কল্পনাই ।
ৰূপত জননী তই নিৰূপমা
গুণতো যে তোৰ তুলনা নাই ।।

স্বৰ্গ বিচাৰি নেযাওঁ জননী
আৰু যে স্বৰ্গ নাই ।
তয়েই আমাৰ চিৰ সাধনাৰ
চৰম লক্ষ্য ঠাই ।।

তোৰ চৰণৰে ধূলি সানি সানি
তোৰেই পদজল এচলু খাই ।
তোৰ কোলাতেই মুদিম দুচকু শেষত
ভকতি ভটিমা গাই ।।

মাধুৰী
কবিঃ চন্দ্ৰকুমাৰ আগৰৱালা

ফুটোঁ নুফুটোঁকৈ
কুমলীয়া কলিটি
ওঁঠৰ লাজেৰে ৰৈ
মিচিকিয়া হাঁহিটি ।।
সামৰি পাহৰি গৈ
মেলি আধা প্ৰাণটি
উদঙাই ঢাকি থৈ
উঠি অহা বুকুটি ।।

সোলকাই মোকলাই
আধা বন্ধা খোপাটি
হয় নে নহয় কৈ
আধা ফুটা মাতটি ।।
শুনো নে নুশুনো ঐ
উটি অহা গীতটি
ৰিণিকি ৰিণিকি কৈ
ক’ৰবাৰ বাঁহিটি ।।

উচুপি নিচুপি গৈ
খন্তেকীয়া ঠেঁহটি
লুকুৱা-ভুমুকা কৈ
ছয়া ময়া পেছটি ।।
হাঁহোৱেই নে কান্দো কৈ
চলচলীয়া চকুটি
ধেমালি খঙৰ নৈ
মিঠা গাঁঠি খোপাটি ।।

ওলাওঁ নোলাওঁ কৈ
মনোমোহা ঠগটি
ন যযৌ ন তস্থৌ
অগা পিছা ভৰিটি ।।
সান-মিহলিৰ নৈ
ওভটনি সোঁতটি
সাঁথৰ ভাঙনি হৈ
পানী মিঠৈ গোটটি ।।

No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে