Friday, July 20, 2018

FREE DOWNLOAD ASSAMESE OLD BIHU SONG || JANMONI || ZUBEEN GARG SUPERHIT BIHU SONGS FREE DOWNLOAD

                               
                            DOWNLOAD THIS MP3 FROM THE BELOW LINK

এটা সময় আছিল… এটা দিন আছিল ; যিটো দিনত যিটো সময়ত কেছেটৰ বিহুনাম/বিহুগীতে অসমীয়া শ্ৰব্য কেছেট উদ্যোগটোক গৌৰৱময় কৰি ৰাখিছিল ৷৷ ৮০-৯০ দশকৰ সেই বিহুগীতবোৰ শুনিয়েই হয়তো সেই সময়ত বহু অসমীয়া শ্ৰোতাই শৈশৱ, যৌৱন কাল পাৰ কৰিছিল ৷৷ সেই সময়ৰ বিহুগীতবোৰ ইমান নিভাঁজ থলুৱা মাটি মিহলি কথা সুৰ সমৃদ্ধ আছিল যে অসমীয়া ডেকা গাভৰুৱে তাক চোতালৰ বিহু গছতলৰ বিহুতো গাব পাৰিছিল ৷৷ সময় সলনি হ'ল… লাহে লাহে আধুনিকতাৰ পৰশত, ডিজিটেল সঁজুলি অথবা মাধ্যমৰ প্ৰভাৱত কেছেটৰ উদ্যোগটোলৈ অমানিশা নামি আহিল ৷ যিটো সময়ত বছৰটোত অসমত শ শ কেছেট বজাৰত উপলব্ধ হৈছিল…সেই পৰিমাণ বছৰি কমি গৈ গৈ আজিৰ তাৰিখত সম্পূৰ্ণ শূণ্য হৈ থাকিল  ৷ অপ্ৰিয় হ'লেও সত্য কথাটো হৈছে………আজিৰ ডিজিটেল যুগত এটা গান বনাবলৈ যিমান সহজ হৈ পৰিল… সিমানেই দুৰ্লভ হৈ পৰিল সুস্থ আৰু মাটিৰ সোৱাদেৰে পৰিপুষ্ট কথা সুৰৰ গীত মাত আৰু তেনে গীত সৃষ্টি কৰা শিল্পী  মানুহৰ ৷৷ বৰ্তমান গীতৰ বজাৰত একেবাৰে সুলভ সস্তীয়া কথা সুৰৰ গীত…নাম উল্লেখ কৰাৰ প্ৰয়োজন নাই যাক আপুনি বজৰুৱা বুলি কবলৈও হয়তো অলপো কুণ্ঠাবোধ নকৰিব ৷৷ তথাপি ইয়াৰ মাজতে মাজে সময়ে হঠাৎ দুই এটা সুস্থ সুমধুৰ গীত আমি দুৰ্ভাগ্যক্ৰমে পৰ্বতত কাছৰ কণী বিচাৰি পোৱাদি পাওঁ ৷৷ এটা কথা ঠিক এই সস্তীয়া গীতসমূহৰ জড়িয়তে এচাম পাবত গজা অথবা টাবত গজা গায়ক/শিল্পীৰ ব্যক্তিগতভাৱে লাভ হৈছে কিন্তু সামগ্ৰিকভাৱে অসমীয়া সংগীত ক্ষেত্ৰখনৰ যে লোকচান হৈছে অথবা লাহে লাহে এক সোণালী গৌৰৱময় ইতিহাসৰ পৰা যে মৃত্যু মুখলৈ গতি কৰিছে সেয়া ধুৰুপ ৷৷


No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে