Tuesday, July 3, 2018

Poems of Assamese Noted Poet and Litterateur JATINDRA NATH DUWARA,The first Assamese Sahitya Ecademi Award winner || সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া কবি যতীন্দ্ৰ নাথ দুৱৰাৰ এমুঠি নিৰ্বাচিত কবিতা

যতীন্দ্ৰ নাথ দুৱৰাৰ কবিতা
অতীতক যোৱাহে পাহৰি
কবিঃ যতীন্দ্ৰ নাথ দুৱৰা 
             
অতীতক যোৱাহে পাহৰি
নাৱৰীয়া, মেলি দিয়া নাওখনি মোৰ
        মিছাকৈয়ে আছা বাট চাই,
কোন আছে কেনি মোৰ আহি কাষলই
        চেনেহেৰে দিবহি বিদায় ৷
দুদিনীয়া সংসাৰৰ আলহী-ঘৰত
        দুদিনৰ মাথোঁ লীলা-খেলা;
দুদিনৰ জনা-শুনা মৰম-চেনেহ
        শেষ হয় দুদিনৰ মেলা ৷
দুধাৰি চকুলো লই যায় আগুৱাই
        আধা কৰা কাম এৰি থই,
জগতৰ এচুকেদি কেনিবা অকলে
        কালৰ কোলাতে মিলে গই;
জুৰণি জুৰণি বুলি বিয়াকুল হই
        ফুৰে মাথোঁ হাবাথুৰি খাই,
শেষ হয় তিলেকত অথিৰ জীৱন
        জগতত জুৰণি নেপাই ৷
ইফালে সিফালে চায় কাতৰ ভাবেৰে
        হেঁপাহেৰে চেনেহ বিচাৰি,
সুখৰ সোঁতত ভাহে দুখৰ নাঁৱত
        ছঁয়াময়া চেনেহ-ভিখাৰী ৷
মধুৰ বাঁহীৰ তান আহে বতাহত
        দূৰতেই শুনা পাতি কাণ,
দূৰতে সৌন্দৰ্য্য তাৰ দূৰতে মাধুৰী
        ওচৰত প্ৰাণ-শুন্য তান ৷
ক’ৰনো পখীটি আহি গছৰ ডালত
        কই গ’ল মৰমৰ কথা,
নীৰৱ গছৰ ডাল নীৰৱে থাকিল
        নুবুজিলে হৃদয়ৰ বেথা ৷
গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা,
        পূজিছিলা ধূপ-ধূনা লই,
ৰাখিছিলা মন্দিৰৰ গুপুত কোণত
        মানুহৰ চকু-আঁৰকই!
ঢালি দিয়া অন্তৰৰ ভকতিৰ ধাৰা
        আৱেগত গালা কত গান,
কতবাৰ হেঁপাহেৰে সাবটি ধৰিলা
        প্ৰতিমাৰ পালা জানো প্ৰাণ ?
সুঁৱৰি সুঁৱৰি কিয় অতীতৰ স্মৃতি
        মিছাতেই নিজে দুখ পোৱা ?
মুখনি মোলান কিয়, মিছাতে চকুলো,
        অতীতক পাহৰি পেলোৱা ৷
ছিঙি দিয়াঁ চেনেহৰ মায়া-জৰীগছ
        নুশুনিবা সপোনৰ বাণী,
হৃদয়ৰ হুমুনিয়াহ শূন্যে মাৰ যক
        চিতা-জুই নুমক আপুনি ৷
সময়ৰ প্ৰতিশোধ, কোনে বাধা দিব
        জগতত অকলশৰীয়া,
যাওক উটি যেনি-তেনি সোঁতৰ লগত
        মেলি দিয়া নাও নাৱৰীয়া

কঁপি থকা ওঁঠ 
কবিঃ যতীন্দ্ৰ নাথ দুৱৰা


কঁপি থকা ওঁঠ দুটি নোৱাৰে ফুটাব
যাওঁ বোলা বিদায়ৰ বাণী,
দুগালে বাগৰি যায় চকুলো দুধাৰি,
মাগে মাথোঁ শেষৰ মেলানি |
যাওঁ বোলা বিদায়ৰ বাণী ||

বিষাদ-ডাৱৰে ঢাকে জীৱন-আকাশ,
পোহৰৰ লেশ মাথোঁ নাই,
এখুজি দুখুজি কৰি ধীৰে ধীৰে দেহি,
বাটৰুৱা যায় আগুৱাই |
পোহৰৰ লেশ মাথোঁ নাই ||

আন্ধাৰ-মুধাৰ বাট নমনি একোকে
সমুখত স্মৃতিৰ শ্মশান,
কতনো প্ৰেমৰ ছবি লয় গই তাতে
তোলে এটি সকৰুণ তান |
সমুখত স্মৃতিৰ শ্মশান ||

তাৰে মাজেদিয়ে যায় বাটৰুৱা মোৰ
সুখৰ দুখৰ গান শুনি,
আশা নিৰাশাৰ ৰেখ বুকুৰ মাজত
আঁকি লই অকলে আপুনি |
সুখৰ দুখৰ গান শুনি ||

শুকুলা পাখিৰে সৌ নাওখনি লই
নাৱৰীয়া আছে বাট চাই,
উঠিম যেতিয়া মই নাৱৰ বুকুত,
নাও মেলি যাব ভটীয়াই |
নাৱৰীয়া আছে বাট চাই ||

দূৰত গৰজে শুনা অনন্ত সাগৰ
পৰ্ব্বত-প্ৰমাণ ঢউ তুলি,
বাহু তোলা মৰণৰ শেষ আলিঙ্গনে
চিন-চাব নেৰাখে সমুলি |
পৰ্ব্বত-প্ৰমাণ ঢউ তুলি ||

অনাদৰ অৱহেলা যত জগতৰ
সুখ-দুখ সকলো সামৰি,
সকলোকে অন্তৰৰ প্ৰণাম জনাই
নাও মেলি আহিলো আঁতৰি |
সুখ-দুখ সকলো পাহৰি ||

সন্ধিয়াৰ আকাশৰ সৰু তৰাটিৰ
সাদৰৰ শেষ আৱাহন,
সেউজীয়া প্ৰকৃতিৰ কোমল কোলাত
খেলা মোৰ হ’ল সমাপন |
সাগৰৰ শেষ আৱাহন ||

নাও মেলি আহিলো আঁতৰি,
অতীতক নেযাবাঁ পাহৰি ||

অতীতক নেযাবা পাহৰি
কবিঃ যতীন্দ্ৰ নাথ দুৱৰা

চেনেহৰ সখা মোৰ শেষ অনুৰোধ
অতীতক নেযাবা পাহৰি
সমাপি জীৱন-খেলা বসুধা বুকুত
যামগৈ যিদিনা আঁতৰি
অতীতক নেযাবা পাহৰি ।।
সুখে-দুখে জীৱনৰ ফুৰে পাছে পাছে
অতীতৰ মধুৰ সপোন
নিমিষতে বিষাদত ধৰেহি আগত
এৰি অহা প্ৰেমৰ দাপোণ
অতীতৰ মধুৰ সপোন ।।

আশা
কবিঃ যতীন্দ্ৰ নাথ দুৱৰা

মোৰ চিৰ জনমৰ চিৰ চেনেহৰ
যত অপূৰণ আশা
হয়তো কাৰোবাৰ মধু পৰশত
পাব কেতিয়াবা ভাষা ।।

দেৱৰ আশীষ হয়তো হয়তো নামিব
ফুলাব শুকুৱা কলি
মাথোঁ মই যাম কেনিবা আঁতৰি
হম ধৰণীৰ ধূলি ।।


No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে