Thursday, May 17, 2018

THE GREAT FIRE OF LONDON Assamese translation


" THE GREAT FIRE OF LONDON"

লণ্ডনৰ The great fire (ডাঙৰ জুই) আৰম্ভ হৈছিল ১৬৬৬ চনৰ ২ চেপ্তেম্বৰৰ ৰাতি ৷ প্ৰথম অৱস্থাত জুইকুৰা সৰুকৈ সৃষ্টি হৈছিল পিঠা,ৰুটি, বেকাৰী বনোৱা এটা সৰু গলিৰ এখন বেকাৰী দোকানত(bakeshop) ৷ দোকানখনৰ গৰাকী আছিল THOMAS FERYNOR যিয়ে KING CHARLES 2 ৰ বেকাৰী যোগান ধৰিছিল ৷ ঘটনাটোনো কেনেকৈ ঘটিছিল,আচলতে ফিৰিঙতিৰপৰা খাণ্ডৱ দাহ হৈছিল ৷ পুৱা ১ বজাত এজন লগুৱা হঠাৎ সাৰ পাই দেখিছিল যে গোটেই ঘৰটো জুইয়ে আগুৰি ধৰিছে ৷ মালিকজন আৰু তেওঁৰ পৰিয়ালটো পলাই গুচি গৈছিল,কিন্তু তেওঁলোকৰ এগৰাকী লিগিৰি জুইত পুৰি মৃত্যু হৈছিল ৷
সেই সময়ত লণ্ডনৰ সৰহভাগ ঘৰ কাঠেৰে নিৰ্মিত আছিল আৰু সেইবিলাক বিপদজনকভাৱে জ্বলি যোৱাৰ সম্ভাৱনা প্ৰকট হৈছিল আৰু স্বাভাৱিকভাৱেই সেইবিলাক জ্বলিবলৈ বেছি সময় নেলাগিল ৷ ৰাতিটোৰ ভিতৰতে বহু ঘৰ,হোটেল,গীৰ্জা আদি জ্বলি ছাই হৈ গৈছিল ৷ অৱশ্যে নদীৰ পৰা পানী আনি অগ্নি নিৰ্বাপন বাহিনী কিছু সফল হৈছিল যদিও সেয়া পৰ্যাপ্ত নাছিল ৷ পুৱা ৮ বজালৈ London Bridge ৰ সিপাৰে আধা ছোৱা পথ জুইয়ে আগুৰি ধৰিছিল ৷ সেই সময়ত এটাই উপায় আছিল,নদীৰ সিটো পাৰ অৰ্থাৎ দক্ষিণ দিশটো জুইৰ কবলৰ পৰা বচোৱা যিটো পাৰ ১৬৩৩ চনত জুইৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল ৷
জুই নিৰ্বাপণ কৰা এটা প্ৰচলিত পদক্ষেপ হ'ল জুই জ্বলি গৈ থকা দিশৰ ঘৰ দুৱাৰ ভাঙি আতঁৰাই পেলোৱা ৷ সময় বাঢ়ি যোৱাৰ লগে লগে এটা সময়ত এই জুই ইমানেই ভয়ংকৰ হৈ উঠিছিল যে ই নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল ৷এই সময়তে লণ্ডনৰ প্ৰশিক্ষন প্ৰাপ্ত এটা দলক হিলৈ-খাৰ বাৰুদেৰে ঘৰবোৰ ভাঙি আতঁৰাই পেলাবৰ বাবে মাতি পঠোৱা হৈছিল ৷ কিন্তু তাতো এক সমস্যাই দেখা দিছিল যে জুই আহি ওচৰ পোৱাৰ আগতেই ঘৰবোৰ ভাঙি আতঁৰাই পেলাবলৈ ঘৰবোৰত যথেষ্ট পৰিমাণে শিল ইটা আছিল ৷ সেয়ে ইয়াতো তেওঁলোক সফল নহ'ল আৰু এই ভয়ংকৰ জুই অন্য তিনিদিনৰ কাৰণে জ্বলিছিল ৷ এই তিনিদিনৰ পিছত Temple Church ৰ ওচৰত জুই থমকি ৰৈছিল ৷ কিন্তু তাৰ পিছত হঠাতে আকৌ জুই উৎপন্ন হৈছিল ,যি জুই WEST MINISTER ৰ দিশে ধাৰাবাহিকভাৱে জ্বলি গৈছিল ৷ এনে সময়তে YORK ৰ ৰাজকুমাৰৰ (Later king James ii ) মনত উপস্থিত বুদ্ধি খেলাইছিল ৷ তেওঁ তৎক্ষণাত আদেশ দিলে,জুইৰ দিশত থকা কাগজ ঘৰবোৰ ভাঙি আতঁৰাই পেলাবলৈ আৰু অৱশেষত বহু ঘন্টাজোৰা আতংকৰ অন্ত পেলাই এই ভয়ংকৰ জুইকুৰা(The grest fire of London) ইয়াতেই নিৰ্বাপিত হৈছিল ৷ আচৰিত কথা আৰু সুখবৰটো হ'ল এই জুইত লণ্ডনৰ আধা পুৰি শেষ হৈ গৈছিল যদিও মৃত্যু বা আঘাতপ্ৰাপ্ত হৈছিল মাত্ৰ ছয়জন ৷

Source : Internet
উৎসঃ ইন্টাৰনেট
Translate: Pankaj Gogoi (Deedoo)
অনুবাদঃ পংকজ গগৈ (দিদ')

No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে