মোৰ দেশ
মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ৷ মোৰ জীৱনৰ আঁহে-আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল ৷
দেশে-দেশে দেশ আছে ৷ এনে বহু দেশৰ অৰঙে-দৰঙে
মই ঘূৰিছো ৷ বহু বন্ধুৰ সৈতে হাতে-হাতে হাত ধৰি ফুৰিছো ৷
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ ৷ বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ ৷ তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা ৷
এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ ৷ যাৰ বুকুৰ উমেশ মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য ৷ জীৱনৰ নতুন অৰ্থ ৷
এই দেশৰ প্ৰতিটো ফুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস ৷ প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ ৷
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য ৷ জীৱনৰ নতুন অৰ্থ ৷
এই দেশৰ প্ৰতিটো ফুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস ৷ প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ ৷
এই দেশৰ বাবে মই জীয়াই আছো ৷ এই দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ ৷ ৰণুৱা, বণুৱা, হালোৱা
এই সকলোৰে মাজত মই আছো------ মোৰ দেশৰ বাবে ৷
অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধক মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ ৷
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছো
শত্ৰু মিত্ৰ সকলোকে মই চিনিছো ৷ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো ৷ শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছো--- ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান ৷
আৰুতো মোৰ একো নাই ৷
মোৰ দেশ— মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতালৈ, আদৰ্শৰ
কঠিন পৰ্বত-মূললৈ

ভোগালী
তুমিতো জানাই
এই কবিৰ আৰু একো নাই ৷
এটাই মাথোঁ কামিজ
তাৰো চিগো চিগো চিলাই ৷
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায় ৷
এই কবিৰ আৰু একো নাই ৷
এটাই মাথোঁ কামিজ
তাৰো চিগো চিগো চিলাই ৷
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায় ৷
ৰৌদ্ৰ-কামনা
উজাগৰ ৰাতি
সপোন দেখিছো মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি ৷
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি
উজাগৰ ৰাতি
সপোন দেখিছো মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি ৷
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি
লখিমী
মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ'লো ৷
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া ৷
আইজনীৰ মাকৰ গাত লেঠা ;
এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ ৷
জানাইতো খেতিয়কৰ ল'ৰাৰ
হাত বৰ চিধা ৷
মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে ৷
বন্দুকতো দূৰৰে কথা
ধনু-কাঁড়ো জুৰিব নোৱাৰো ৷
মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ'লো ৷
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া ৷
আইজনীৰ মাকৰ গাত লেঠা ;
এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ ৷
জানাইতো খেতিয়কৰ ল'ৰাৰ
হাত বৰ চিধা ৷
মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে ৷
বন্দুকতো দূৰৰে কথা
ধনু-কাঁড়ো জুৰিব নোৱাৰো ৷
আইজনীৰ মাকৰ
ল'ৰা এটা হ'লে ভাল হয় এথোন ৷
খেতিয়কৰ ল'ৰাৰ বোলে
হাত বৰ পোন ৷
ল'ৰা এটা হ'লে ভাল হয় এথোন ৷
খেতিয়কৰ ল'ৰাৰ বোলে
হাত বৰ পোন ৷
জন্মদিন
মোক ৰাতিটোৰ বাবে ওভতাই দিয়া মোৰ ল'ৰালি
আইৰ কোলাত আকৌ শুম
লাই হালে জালে আবেলি বতাহে……
মোৰ সোঁৱৰণী গুমৰি উঠে
নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে ৷
মোক ৰাতিটোৰ বাবে ওভতাই দিয়া মোৰ ল'ৰালি
আইৰ কোলাত আকৌ শুম
লাই হালে জালে আবেলি বতাহে……
মোৰ সোঁৱৰণী গুমৰি উঠে
নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে ৷
নতুন পাঠ
কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি ৷
কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি ৷
কবিতা জীৱনৰ অন্য বিষয়-কুশল, অন্য প্ৰত্যাশা ;
শব্দ সংঘ ভাঙি তিৰবিৰ
বন-তুলসীৰ উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা……
শব্দ সংঘ ভাঙি তিৰবিৰ
বন-তুলসীৰ উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা……
শস্যমালাৰ ভ্ৰমণ
মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱা
ভঁৰালঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম ৷
পানী পালে, মাটি পালে, ৰ'দে-বৰষুণে
ভুৰভুৰকৈ আকৌ গজি উঠিম……৷
শাওনৰ বোকা মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই কাণ তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন;
আকাশ ভাঙি হুৰহুৰকৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোণোৱালী ভ্ৰমণ ৷

তেজৰ আখৰেৰে
"ইমান অলপতে বিচলিত হ'লে
তোমাৰ বাৰু কেনেকৈ চলে? "
শিলুৱা এন্ধাৰে মোক এই বুলি ক'লে ৷
"ইমান অলপতে বিচলিত হ'লে
তোমাৰ বাৰু কেনেকৈ চলে? "
শিলুৱা এন্ধাৰে মোক এই বুলি ক'লে ৷
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল'বলৈ শিকালে ৷
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল'বলৈ শিকালে ৷
কবি মই নাছিলো কোনোকালে ৷
ঘৰ-জেউতি
এটি ৰূপালী হাঁহ
হৃদয় হ্ৰদত
লুকাই আছেহি
বাৰটি মাহ ৷
এটি ৰূপালী হাঁহ
হৃদয় হ্ৰদত
লুকাই আছেহি
বাৰটি মাহ ৷
য'ত
হেঙুলী বেলিয়ে
দিয়েহি আবেলি লাহ ৷
ৰূপালী এটি হাঁহ ৷
হেঙুলী বেলিয়ে
দিয়েহি আবেলি লাহ ৷
ৰূপালী এটি হাঁহ ৷
বিষণ্ণ ৰাতিৰ ফুল
জিলিৰ কৰুণ মাতে ৰাতি যেতিয়া নিজম কৰি তোলে
বিষণ্ণ-হৃদয়ৰ দিকহাৰা অন্ধকাৰে
তোমাক যেতিয়া বিচাৰি ফুৰে ৰাতিৰ প্ৰান্তৰে-প্ৰান্তৰে
জোনাকৰ চকুপানী যেতিয়া গছৰ পাতে পাতে সৰে
তেতিয়া— মোৰ মনৰ নিৰ্জন স্তৰেৰে
তোমাৰ শৰীৰৰ কোমল সুৰভি নামি আহে
অকলশৰে ৷

সেই তন্দ্ৰাহীন অন্তৰংগ মুহূৰ্তৰ তোমাৰ অতনু সুৰভিয়ে
মোক আচ্ছন্ন কৰে ৷ প্ৰাণৰ বাটচ'ৰা
ফুলেৰে দোৰোল খাই পৰে ৷
মোক আচ্ছন্ন কৰে ৷ প্ৰাণৰ বাটচ'ৰা
ফুলেৰে দোৰোল খাই পৰে ৷
আদিপাঠ
মই, এই মানুহটো, গোটেইবোৰ লৈয়েই, যি আছে
যেনেকৈ আছে, ঠিক তেনেকৈ, একো হীন-দেৰি হ'ব নোৱাৰে
আৰু যি হেৰাল বা যাক জীৱনত পাত কৰিও পাব নোৱাৰো
মোৰ সেই একান্ত সপোন, উৎসাহৰ ফুলনিৰ
লনি গছবোৰৰ ছাঁৰ দৰে মোৰ লগত এনেকৈ থাকে যে
মই এধানমান সময়ৰ বাবেও এৰি থৈ আহিব নোৱাৰো
যি হেৰাল বা যি আছে একোৱেই, আৰু যি লুকাই আছে
মোৰ নিশ্চিত ভৱিষ্যতত ৷

অসম্ভৱ অনুবাদ
এটা অজুহাত পালে মই গুচি যাব পাৰো
যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম, যি কোনো অজুহাত পালে
মুক্ত কৰি প্ৰতিভাৰ পথ , নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি
অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে……
প্ৰস্তুত আৰু প্ৰচাৰঃ পংকজ গগৈ (দিদ')
DOWNLOAD THE PDF FILE

No comments:
Post a Comment