Thursday, May 17, 2018

A petty Assamese Poem by Poetaster Pankaj Gogoi (Deedoo) অসমীয়া কবিতা


" পৰিত্যক্ত "
আঠহতীয়া নঙলাৰে , সৰ ফালি উলিওৱা বকিয়াটো
এহতীয়া হোলোঙাৰে চেচোঁৰ খন্দা
সেই আবেলিটো
মনত পৰিলেই বুকুত কাকতী ফৰিং এজাক
উবুৰি খাই পৰেহি ৷৷
উছন হয় নিমিষতে
মোৰ এহালিচা আঘোণ…………
ছয় ফেৰা দ কঠীয়াৰ ভাৰেও
ভাঙিব নোৱাৰা দেহাটো
বিৰহতে ভাগি যায়
কামি হাড়ৰ বিড়িয়া
চনক চনক কৰি…………
লেটেকু পনিয়ল বিচাৰি ফুৰা সেই দুপৰীয়াটোত
চেকনীৰ কোব খোৱা কথাবোৰ
মনত আছেনে আইকণ
পৰি যোৱা মোৰ ঢোলৰ মাৰিডাল দিবলৈ
লগৰজনীৰ লগত টনা আঁজুৰা কৰা বহাগৰ সেই
নিশাটোৰ কথা ৷৷৷৷
এজাৰৰ ফেৰেঙনিত ফুলা কপৌফুলপাহ
তোৰ নামত আজিও বিচাৰো
চহৰৰ বুকুত… ……………
মই জানো আইকণ
মোক দিব খোজা কলিজাটোৰদৰেই
তয়ো কঢ়িয়াই ফুৰিছ
যৌৱন নৈৰ দেও লগা ঘাটৰ স্মৃতি
যিদৰে মই বুকুত কঢ়িয়াই ফুৰিছো তই গা ধোৱা ঘাটৰ
নদীখন………………
যদিও কোনোবা এচুকত আজি
মৰাসুঁতিৰ বেথাৰে ই অনাদৃত
আৰু মই যেন জোলোঙা ভৰ্তি স্মৃতিৰে এজন পৰিত্যক্ত প্ৰেমিক ৷৷৷৷

No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে