Tuesday, May 5, 2020

FREE DOWNLOAD ASSAMESE THEATRE SONGS MP3 || ASSAMESE LATEST MP3 SONGS FREE DOWNLOAD

           

বিগত বছৰবোৰৰ দৰে আগন্তক ২০১৫-১৬ বৰ্ষৰ বাবেও সাজু হৈ  উঠিছে অসমৰ আটাইকেইটা  আগশাৰী ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ।উজনি অসমৰ  বিখ্যাত নাট্যদল হেঙুল থিয়েটাৰৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ।
                                     ইয়াৰ সমান্তৰালকৈ আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, ৰাজতিলক থিয়েটাৰেও কেইখনমান বচা বচা নাটক আৰু সৰু পৰ্দা ৰূপালী পৰ্দাৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক লগত লৈ তেওঁলোকৰ ভ্ৰাম্যমাণ যাত্ৰা সাজু কৰি তুলিছে ।
                                   প্ৰতি বছৰৰ দৰে এইবছৰো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ নাট্যপ্ৰেমী ৰাইজক মোহাচন্ন কৰিবলৈ প্ৰতিটো নাট্যদল সকলো দিশেৰে সাজু হৈ উঠিছে । হিন্দী বোলছবিৰ কাহিনী চিত্ৰনাট্যৰ নকলেৰে ভ্ৰাম্যমাণ নাটক সৃষ্টি কৰে বুলি সততে চৰ্চালৈ অহা অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যই এইবছৰো আটাইকেইটা নাট্যদলৰ বাবে নাট ৰচনা কৰিছে ।নাটকৰ সংলাপ, অভিনয় কাৰিকৰী দিশসমূহৰ উপৰি এইবাৰৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হল  সাংগীতিক দিশটো । বহুকেই গৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ সাৱলীল অভিনয় আৰু নাটকত সন্নিৱিষ্ট গীত আৰু সংগীত যে  এইবছৰৰ ভ্ৰাম্যমাণ জগতৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব সি ধুৰুপ ।
 গীতসমূহৰ ভিতৰত ভিজা ভিজা, বলিয়া কৃষ্ণ, দুৰু দুৰু, দুচকুৰে কাজলত, গুণগুণাই, মাজুলিৰ ডেকা, মোৰ ফেচবুকত তুমি, প্ৰেমৰ লুইত, তুলবুল তুলবুল, তোমাৰ বাবে গীতকেইটিয়ে ইতিমধ্যে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে ।গীতসমূহত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ লগতে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে ।গীতকেইটি আপোনালোকৰ সুবিধাৰ্থে ডাউনলোড কৰিব পৰাকৈ তলত লিংকৰ সৈতে গাঁঠি দিয়া হল ।।



                                                          DOWNLOAD LINK IS HERE

                                                                       BHIJA BHIJA
                                                     
BOLIYA KRISHNA
DURU DURU
DUSOKURE KAJOLOT
GUNGUNAI
MAJULIR DEKA
MUR FACEBOOKOT TUMI
PREMOR LUIT
TULBUL
TUMAR BABE









No comments:

Post a Comment

Popular Posts

About Me মোৰ বিষয়ে