Tuesday, June 26, 2018

Assamese proverbs || PHOKORA YUJONA ১০১ টা অসমীয়া জনপ্ৰিয় ফকৰা যোজনা, অসমীয়া জনসমাজত প্ৰচলিত ফকৰা যোজনা || Proverbs in Assamese society and culture

                                                 অসমীয়া ফকৰা যোজনা
(১) অকৰা মৈত উঠিল
(২) অতি কথকিক কথাই খায়
বৈদক খায় সাপে ৷
সাতখন ভাগৱত পঢ়াজনকো
কিঞ্চিত চুৱে পাপে ৷৷
(৩) অতি দৰ্পে হত লংকা
(৪) অতি ভক্তি চোৰৰ লক্ষণ
(৫) অতিপাত শলাগনী
ফুচুলনিৰ চিন ৷
আপুনি আঁতৰি যাবা
কৰি তাক ঘিণ ৷৷
(৬) অধিক মাছত বগলী কণা
(৭) অবুজনক বুজোৱা, ঢেৰুৱাৰ ঠাৰি সিজোৱা
(৮) অলপ কথাই বৰ, ফটা কেথাই জ্বৰ
(৯) আইলৈ যি হাত, বাইলৈও সেই হাত
(১০) আইৰো বাৰ্তা, গংগাৰো যাত্ৰা
(১১) আকালো নাই, ভঁৰালো নাই
(১২) আগফালে তেতেলি
পিছফালে ঔ ৷
সেইঘৰ মানুহ
মৰি শেষ হ'ল নে নৌ ৷৷
(১৩) আগফালে মাৰো ডাং পিছফালে ধাবাং-বাং 
(১৪) আগ নুগুণি গুণে পাছ, লোভত মৰে বৰশইকীয়া মাছ ৷৷
(১৫) আগৰ হাল যেনি যায়, পিছৰ হালো তেনি যায় ৷৷
(১৬) আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ ৷৷
(১৭) আছে গৰু নেবায় হাল, থকাতকৈ নথকাই ভাল
(১৮) আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ৷
(১৯) আপদৰ মাত, আকালৰ ভাত
(২০) আৰৈতকৈ উখুৱা চৰা
(২১) আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ৷
(২২) আহিল কণা গ'ল কণা, খাগৰি কাটিলে তিনি কণা 
(২৩) আহু চাবা গধুলি শালি চাবা পুৱা
জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা
(২৪) ইন্দ্ৰৰ সভাত ফেঁচাই কুৰুলিয়াই
(২৫) ইমানতে সিমান, বণিজলৈ গ'লে বেহাবি কিমান
(২৬) উদক ভেটা ৰখীয়া পাত
(২৭) উলুৰ লগত বগৰী পোৰা
(২৮) উদঙীয়া গৰু ঢাকন নথকা চৰু
(২৯) উপকাৰীক অজগৰে খায় 
(৩০) এদেও দুদেও লোটা নিয়াৰ চেও
(৩১) এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া
(৩২) ওলাই দেখিবা যাক শত্ৰু নেভাবিবা তাক 
(৩৩) ক পঢ়িব নেজানে ৰত্নাৱলী পঢ়ে
(৩৪) কটা ঘাত ছেঙা তেল দিয়া
(৩৫) কণাৰ কি দিন ৰাতি কুকুৰৰ কি একাদশী
(৩৬) কথাতেই গতা খায়, কথাতেই বঁটা পায়
(৩৭) কণা হাঁহক পতান দিয়া
(৩৮) ক'ৰ পাৰা আহিলা ক'ত দিলা ভৰি
চোতালখন ফাটি গ'ল চেৰচেৰ কৰি 
(৩৯) কাউৰীৰ বাঁহত কুলিৰ পোৱালী
(৪০) কাকনো বুলিবা ককা, আটাইৰে দাড়ি চুলি পকা
(৪১) কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ ছাল
(৪২) কিনা হাঁহৰ ঠোঁটলৈকে মঙহ
(৪৩) কুকুৰ চিকুণ গিৰিহঁতৰ যশ
(৪৪) কুকুৰক লাই দিলে গললৈকে জপিয়াই
(৪৫) কুকুৰৰ নেজ দীঘল হব, নিজে পাৰি বহিব
(৪৬) কুকুৰৰ ছাইমুৱা, মানুহৰ গাইমুৱা
(৪৭) কুলাৰ আগৰ পতান
(৪৮) কেঁচু খান্দোতে সাপ ওলাল
(৪৯) কেৰ্কেটুৱাই তামোল খায়, নেউলক বান্ধি কিলায়
(৫০) কেৰেলাতকৈ গুটি দীঘল
(৫১) খন্তেকৰ ভোজ খাওঁতা নাই
(৫২) খাই কাৰ্শলা গছত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল
(৫৩) খাব জানিলে চাউলেই চিৰা,বহিব জানিলে মাটিয়েই পিৰা
(৫৪) খাবলৈ নাই কণটো, বৰসবাহলৈ মনটো
(৫৫) খেনো মৰে হাড়ে-ছালে, খেনো মৰে মঙহৰ ভাৰে
(৫৬) খেনোক দেখি ৰান্ধে বাঢ়ে,খেনোক দেখি দোৱাৰ মাৰে
(৫৭) খোৰাৰ খোজেপতি অপৰাধ
(৫৮) গছত কঠাল ওঁঠত তেল,নৌ খাওঁতেই ছেল-বেল
(৫৯) গছত তুলি গুৰি কটা
(৬০) গৰু আনিবা ৰিঙটোৰ, ছোৱালী আনিবা দিনটোৰ
(৬১) গাখীৰতে ম'হৰ খুটি সান্দহতে হাত
(৬২) গাত নাই ছাল-বাকলি, মদ খায় তিনি টেকেলি
(৬৩) গাৰ মলি ধুলে যায়, মনৰ মলি লগতে যায়
(৬৪) গোঁজেই গজালি হোৱা
(৬৫) গোৰ মাৰি গংগাত পেলা
(৬৬) গোহালিৰ গৰু, বাৰীৰ ঘাঁহে ৰাহি যোৰা নাহে
(৬৭) ঘঁহি থাকিলে শিলো ক্ষয় যায়
(৬৮) ঘনাই খুটিলে শিঙৰাও মাছ
(৬৯) চকু থাকি খালত পৰ
(৭০) চকুত ধূলি মাৰ
(৭১) চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় ৷
(৭২) চকুৰ কুটা দাঁতৰ শাল
(৭৩) চ'তৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা
(৭৪) ছেগ চাই কঠিয়া পাৰ
(৭৫) ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল
(৭৬) জনাৰ ভাত মাছ, নজনাৰ গলগ্ৰহ
(৭৭) জ্বলা জুইত ঘিঁউ ঢাল
(৭৮) টেঙা আম এবাৰহে বেচিবা
(৭৯) ঢোলৰ কোবতকৈ ওঁঠৰ কোব চৰা
(৮০) ঢোলৰ লগত টেমেকা
(৮১) তুলসীৰ লগত কলপটুৱাৰো মুক্তি
(৮১) তিলটোকে তালটো কৰ
(৮২) তোমাৰ বাৰীৰ বাঁহ গাজ, তাৰে কৰিছো খৰিচা
তাকে সলাই ধান দুদোন নিওঁ কথাটো মন কৰিছা
(৮৩) দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ 
(৮৪) দিনৰ পৰ্বত ৰাতিৰ জুই, তাক নেদেখি থাকিবা শুই
(৮৫) দুই নাও দুই ভৰি
(৮৬) ধান পকে মানে টুনিৰ মৰণ
(৮৭) ধাৰে মাৰিলেও মৰা, গাদীৰে মাৰিলেও মৰা
(৮৮) ন-ৰান্ধনীৰ পৰিল পাল, কচু ঢেঁকীয়াৰ নেপায় তাল
(৮৯) পচলাতে দাঁত ভগা
(৯০) পাঁচো আঙুলিৰে খায়, বুঢ়াই হেচুকিলেহে যায় 
(৯১) ফটা মাহ জোৰা নেলাগে
(৯২) ফটা হওক ছিটা হওক পাতৰ টঙালি, কণা হওক কুজা হওক ভূঞাৰ পোৱালী
(৯৩) বাহিৰে ৰং-চং ভিতৰে কোৱা ভাতুৰী
(৯৪) বান্ধিলে মন শিলৰ খুটি, মেলিলে মন ঘঁৰাৰ চুটি
(৯৫) ভুকুতে কল নপকে
(৯৬) মাহৰ মাৰ দেখি তিলে বেট মেলিলে
(৯৭) মানুহ মৰে কৈ, চৰাই মৰে ৰৈ
(৯৮) যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া
(৯৯) ৰাইজে নখ জোকাৰিলে নৈ বয়
(১০০) শাকত নেখায় লোণ, পিতিকাত যায় তিনিগুণ
(১০১) সান্দহ খোৱা বালি তল যোৱা

                                    প্ৰকাশকঃ পংকজ গগৈ (দিদ') 

Thursday, June 14, 2018

ASSAMESE POEMS OF HIREN BATTACHARYA(হীৰেণ ভট্টাচাৰ্য) || ASSAMESE POPULAR POEMS OF HIREN BHATTACHARYA , হীৰেণ ভট্টাচাৰ্যৰ এক ডজন জনপ্ৰিয় কবিতা Popular Assamese poems


মোৰ দেশ
মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন ৷ মোৰ জীৱনৰ আঁহে-আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল ৷
দেশে-দেশে দেশ আছে ৷ এনে বহু দেশৰ অৰঙে-দৰঙে
মই ঘূৰিছো ৷ বহু বন্ধুৰ সৈতে হাতে-হাতে হাত ধৰি ফুৰিছো ৷
কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা
পাহাৰতলিত খন্তেক জিৰাইছোঁ ৷ বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ ৷ তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা ৷
এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ ৷ যাৰ বুকুৰ উমেশ মোক দিছে
ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য ৷ জীৱনৰ নতুন অৰ্থ ৷
এই দেশৰ প্ৰতিটো ফুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস ৷ প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ ৷
এই দেশৰ বাবে মই জীয়াই আছো ৷ এই দেশৰ বাবে জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ ৷ ৰণুৱা, বণুৱা, হালোৱা
এই সকলোৰে মাজত মই আছো------ মোৰ দেশৰ বাবে ৷
অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধক মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ ৷
জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছো
শত্ৰু মিত্ৰ সকলোকে মই চিনিছো ৷ সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো ৷ শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই মই দিছো--- ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান ৷
আৰুতো মোৰ একো নাই ৷
মোৰ দেশ— মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোক লৈ যায় গভীৰৰ পৰা গভীৰতালৈ, আদৰ্শৰ
কঠিন পৰ্বত-মূললৈ
ভোগালী
তুমিতো জানাই
এই কবিৰ আৰু একো নাই ৷
এটাই মাথোঁ কামিজ
তাৰো চিগো চিগো চিলাই ৷
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায় ৷
ৰৌদ্ৰ-কামনা
উজাগৰ ৰাতি
সপোন দেখিছো মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইচ-সোণালী হাঁহি ৷
অযুত তৰাৰ ঘুমটি ভাঙি
যেন সূৰ্য আহিছে নামি
লখিমী
মেটমৰা ধানৰ ডাঙৰি
ডাঙৰীয়াৰ চোতালত থ'লো ৷
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া ৷
আইজনীৰ মাকৰ গাত লেঠা ; 
এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ ৷
জানাইতো খেতিয়কৰ ল'ৰাৰ 
হাত বৰ চিধা ৷
মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে ৷
বন্দুকতো দূৰৰে কথা
ধনু-কাঁড়ো জুৰিব নোৱাৰো ৷
আইজনীৰ মাকৰ
ল'ৰা এটা হ'লে ভাল হয় এথোন ৷
খেতিয়কৰ ল'ৰাৰ বোলে
হাত বৰ পোন ৷
জন্মদিন
মোক ৰাতিটোৰ বাবে ওভতাই দিয়া মোৰ ল'ৰালি
আইৰ কোলাত আকৌ শুম 
লাই হালে জালে আবেলি বতাহে……
মোৰ সোঁৱৰণী গুমৰি উঠে
নিৰন্ন-সময়ৰ সুগন্ধ তেজৰ প্ৰৱাহে-প্ৰৱাহে ৷
নতুন পাঠ
কবিতা পঢ়ি পাহৰিব পাৰি
পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি ৷

কবিতা জীৱনৰ অন্য বিষয়-কুশল, অন্য প্ৰত্যাশা ;
শব্দ সংঘ ভাঙি তিৰবিৰ 
বন-তুলসীৰ উজাৰি লুকুৱা সুগন্ধি দীঘল উপত্যকা……

শস্যমালাৰ ভ্ৰমণ
মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱা
ভঁৰালঘৰৰ চোতালখনতে
মৌ-সৰা দি জহি শুকাই সৰিম ৷
পানী পালে, মাটি পালে, ৰ'দে-বৰষুণে
ভুৰভুৰকৈ আকৌ গজি উঠিম……৷
শাওনৰ বোকা মাটিৰ পথাৰখনত মোক চাৰিওফালে ছটিয়াই দিয়া
চহ কৰা মাটিৰ সীৰলুত শুই কাণ তাল মৰা মেঘৰ গাজনি শুনিম
বিজুলী চমকত চকু মেলি চাম
ঢৌচিৰা এন্ধাৰ পথাৰখন;
আকাশ ভাঙি হুৰহুৰকৈ বৰষুণ আহক
আৰম্ভ হওক শস্যমালাৰ ধান-সোণোৱালী ভ্ৰমণ ৷
তেজৰ আখৰেৰে
"ইমান অলপতে বিচলিত হ'লে
তোমাৰ বাৰু কেনেকৈ চলে? "
শিলুৱা এন্ধাৰে মোক এই বুলি ক'লে ৷

কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল'বলৈ শিকালে ৷

কবি মই নাছিলো কোনোকালে ৷
ঘৰ-জেউতি
এটি ৰূপালী হাঁহ
হৃদয় হ্ৰদত
লুকাই আছেহি
বাৰটি মাহ ৷

য'ত 
হেঙুলী বেলিয়ে
দিয়েহি আবেলি লাহ ৷
ৰূপালী এটি হাঁহ ৷
বিষণ্ণ ৰাতিৰ ফুল
জিলিৰ কৰুণ মাতে ৰাতি যেতিয়া নিজম কৰি তোলে
বিষণ্ণ-হৃদয়ৰ দিকহাৰা অন্ধকাৰে
তোমাক যেতিয়া বিচাৰি ফুৰে ৰাতিৰ প্ৰান্তৰে-প্ৰান্তৰে
জোনাকৰ চকুপানী যেতিয়া গছৰ পাতে পাতে সৰে
তেতিয়া— মোৰ মনৰ নিৰ্জন স্তৰেৰে
তোমাৰ শৰীৰৰ কোমল সুৰভি নামি আহে
অকলশৰে ৷

সেই তন্দ্ৰাহীন অন্তৰংগ মুহূৰ্তৰ তোমাৰ অতনু সুৰভিয়ে
মোক আচ্ছন্ন কৰে ৷ প্ৰাণৰ বাটচ'ৰা
ফুলেৰে দোৰোল খাই পৰে ৷
আদিপাঠ
মই, এই মানুহটো, গোটেইবোৰ লৈয়েই, যি আছে
যেনেকৈ আছে, ঠিক তেনেকৈ, একো হীন-দেৰি হ'ব নোৱাৰে
আৰু যি হেৰাল বা যাক জীৱনত পাত কৰিও পাব নোৱাৰো
মোৰ সেই একান্ত সপোন, উৎসাহৰ ফুলনিৰ
লনি গছবোৰৰ ছাঁৰ দৰে মোৰ লগত এনেকৈ থাকে যে
মই এধানমান সময়ৰ বাবেও এৰি থৈ আহিব নোৱাৰো
যি হেৰাল বা যি আছে একোৱেই, আৰু যি লুকাই আছে
মোৰ নিশ্চিত ভৱিষ্যতত ৷
অসম্ভৱ অনুবাদ
এটা অজুহাত পালে মই গুচি যাব পাৰো
যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি
মই গুচি যাম, যি কোনো অজুহাত পালে
মুক্ত কৰি প্ৰতিভাৰ পথ , নিৰ্জনতা নিৰ্ভৰ ছায়াৰ
সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি
অসম্ভৱ অনুবাদ তাৰ, জালিকটা জোনাকৰ
মাজেৰে মই গুচি যাম, হাতত সাৰে ভৰিত সাৰে……
           প্ৰস্তুত আৰু প্ৰচাৰঃ পংকজ গগৈ (দিদ')
                                                             
              DOWNLOAD THE PDF FILE
                                                           


Popular Posts

About Me মোৰ বিষয়ে