Sunday, May 24, 2020

ASSAMESE TRADITIONAL 101 HERBS IN BOHAG BIHU || ব'হাগ বিহুৰ পৰম্পৰাগত এশ এবিধ (১০১) শাক ||

✍ অসমীয়া সমাজত বহাগ বিহুত অৰ্থাৎ চ'তৰ দোমাহীৰ দিনা এশ এবিধ শাক খোৱাৰ নিয়ম ৷ বিশ্বাস কৰা হয়, দোমাহীৰ দিনা এই শাক খালে বছৰটোলে বেমাৰ আজাৰৰ পৰা হাত হাৰি থাকিব পাৰি ৷ ই এক পৰম্পৰাগত লোক বিশ্বাস ৷ অতীজৰে পৰা বহাগ বিহুৰ এই পৰম্পৰা অসমীয়া সমাজত চলি আহিছে ৷ আমি সকলোৱে জানো যে বনৌষধি চিকিৎসা প্ৰাচীন যুগৰে পৰা মানৱ সমাজত চলি আহিছে ৷ বনৌষধৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ আমি দৈনন্দিন জীৱনত খাদ্য হিচাপে যিসমূহ সেউজীয়া শাক ব্যৱহাৰ কৰোঁ সেইসমূহৰ বেছিভাগেই বনৌষধ হিচাপে আমাৰ সমাজত ব্যৱহাৰ হয় ৷ অৰণ্যপ্ৰধান অসমত হেজাৰ হেজাৰ বনৌষধেৰে উভৈনদী হৈ আছে ৷ আনকি নেলাগে ঘৰৰ বাৰীখনতে এনে বহু বনৌষধেৰে ভৰি থাকে ৷ তাৰে বেছিভাগ হয়তো আমি চিনি নেপাওঁ ৷ বিশেষকৈ বহাগৰ বিহুত এই এশ এক বিধ শাক বিচৰাৰ সময়ত আমি বৰ সমস্যাত পৰো ৷ এই ব্লগৰ জড়িয়তে আপোনালোকৰ সহায়ক হোৱাকৈ বহাগ বিহুৰ পৰম্পৰাগত এই এশ এক বিধ শাকৰ  নাম, ছবিৰ সৈতে  আগবঢ়ালো ৷


(১) মাটি কাঁদুৰি 

Scientific Name= Alternanthera sessiles
  বৈজ্ঞানিক নামঃ অলটাৰনেনথেৰা চেচিলেচ/চেজিলেচ 👇

(২) টেঙেচি টেঙা (চাঙেৰী) 

A kind of sour round‐leaf green vegetable
Scientific name = Oxalis repens
বৈজ্ঞানিক নামঃ অক্সালিচ ৰিপেনচ্  👇




(৩) মধু সোলেং 

A kind of slight sour green vegetable
Scientific name= Polygonum caespitosum
বৈজ্ঞানিক নামঃ পলিগ'নাম কে'স্পিট'চাম👇



(৪) ভেদাইলতা 

A green medicinial  plant having slight foul smelling
Scientific name = Paederia foetida
বৈজ্ঞানিক নামঃ পে'ডেৰিয়া ফ'য়েটিডা  👇



(৫) মছন্দৰী 

A low growing green medicinial plant
Scientific name = Houttuynia cordata
বৈজ্ঞানিক নামঃ হাউটোজিনিয়া কৰডাটা  👇



(৬) কণা শিমলু

A low growing green plant  👇



(৭) পনৌনৌৱা

A kind of medicinial green plant 
Scientific name= peperomia pellucida
বৈজ্ঞানিক নামঃ পিপাৰ'মিনা পেলুচিডা  👇



(৮) ডেম ডেউকা

A kind of sticky wild herbaceous plant
Scientific name= Impatiens balsamina
বৈজ্ঞানিক নামঃ ইমপেচেনচ্ বেলচেমিনা  👇



(৯) মালভোগ খুতুৰা

             A kind of green vegitable 👇




(১০) শোহনি

A kind of wild green plant having small yellow flower  👇




(১১) ক'লা কচু

A kind of plant having green leaf and black trunk  👇



(১২) কেহেৰাজ 
A kind of green herb
Scientific name= Eclipta alba
বৈজ্ঞানিক নামঃ এক্লিপ্টা এলবা  👇

(১৩) ভুঁই আমলখি/বন আমলখি
A kind of wild plant  👇


                                                                       
                               (১৪)  পুৰৈ শাক
    A kind of climbing plant/vegetable plant
Scientific name= Basella Rubra
বৈজ্ঞানিক নামঃ বচেলা ৰুব্ৰা  👇



(১৫)  টিকনি বৰুৱা
A kind of thorny creeper
Scientific name= Smilex perfoliata
বৈজ্ঞানিক নামঃ স্মাইলেক্স পাৰফ'লিয়াটা  👇






(১৭)  দূবৰি বন
A kind of tiny grass of long leaves
Scintific name= Cynodon dactylon
বৈজ্ঞানিক নামঃ চিন'ডন ডেক্টিলন 👇




(১৮)  শেৱালি ফুলৰ কুমলীয়া আগ
Tender tip of night‐jasmine  👇



(১৯)  কেঞা বন
A kind of grass having roots like garlic
Scientific name= Kyllinga monocephala
বৈজ্ঞানিক নামঃ কিলিংগা ম'ন'চেফালা   👇



(২০)  কণ বিলাহী/সৰু বিলাহী
A very small species of tomato  👇



(২১)  লাচকচি
A wild plant   👇




(২২)  মহানিম Neem
Scientific name= Azadirachta indica
বৈজ্ঞানিক নামঃ আজাডিৰাচটা ইণ্ডিকা  👇





(২৩)  মানিমুনি
A medicinal herb
Scientific name= Centella rotundifolia
বৈজ্ঞানিক নামঃ চেনটেলা ৰটানডিফ'লিয়া  👇




(২৪)  নৰসিংহ
A medicinal shrub
Scientific name= Murraya koenigii
বৈজ্ঞানিক নামঃ মোৰায়া ক'য়েনজি  👇




(২৫)  তুলসী The holy basil
Scientific name= Ocimum sanctum
বৈজ্ঞানিক নামঃ অ'চিমাম চেঙ্কটাম 👇




(২৬)  দুপৰ টেঙা /পাতেগজা
A plant that germinates from leaves
Scientific name= Bryophyllum pinnatum
বৈজ্ঞানিক নামঃ ব্ৰায়'ফিলাম পিনেটাম  👇


(২৭)  মানধনিয়া /বনধনিয়া
A species of scented spicy leafy plant used in cooking
Scientific name= Eryngium foetidum
বৈজ্ঞানিক নামঃ এৰিনজিয়াম ফ'য়েটিডাম  👇




(২৮)



👉অসম্পূৰ্ণ
ক্ৰমশঃ আগলৈ 

Tuesday, May 5, 2020

FREE DOWNLOAD ASSAMESE THEATRE SONGS MP3 || ASSAMESE LATEST MP3 SONGS FREE DOWNLOAD

           

বিগত বছৰবোৰৰ দৰে আগন্তক ২০১৫-১৬ বৰ্ষৰ বাবেও সাজু হৈ  উঠিছে অসমৰ আটাইকেইটা  আগশাৰী ভ্ৰাম্যমাণ নাট্যগোষ্ঠী ।উজনি অসমৰ  বিখ্যাত নাট্যদল হেঙুল থিয়েটাৰৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ।
                                     ইয়াৰ সমান্তৰালকৈ আৱাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, বৃন্দাবন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, ৰাজতিলক থিয়েটাৰেও কেইখনমান বচা বচা নাটক আৰু সৰু পৰ্দা ৰূপালী পৰ্দাৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীক লগত লৈ তেওঁলোকৰ ভ্ৰাম্যমাণ যাত্ৰা সাজু কৰি তুলিছে ।
                                   প্ৰতি বছৰৰ দৰে এইবছৰো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ নাট্যপ্ৰেমী ৰাইজক মোহাচন্ন কৰিবলৈ প্ৰতিটো নাট্যদল সকলো দিশেৰে সাজু হৈ উঠিছে । হিন্দী বোলছবিৰ কাহিনী চিত্ৰনাট্যৰ নকলেৰে ভ্ৰাম্যমাণ নাটক সৃষ্টি কৰে বুলি সততে চৰ্চালৈ অহা অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যই এইবছৰো আটাইকেইটা নাট্যদলৰ বাবে নাট ৰচনা কৰিছে ।নাটকৰ সংলাপ, অভিনয় কাৰিকৰী দিশসমূহৰ উপৰি এইবাৰৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হল  সাংগীতিক দিশটো । বহুকেই গৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ সাৱলীল অভিনয় আৰু নাটকত সন্নিৱিষ্ট গীত আৰু সংগীত যে  এইবছৰৰ ভ্ৰাম্যমাণ জগতৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব সি ধুৰুপ ।
 গীতসমূহৰ ভিতৰত ভিজা ভিজা, বলিয়া কৃষ্ণ, দুৰু দুৰু, দুচকুৰে কাজলত, গুণগুণাই, মাজুলিৰ ডেকা, মোৰ ফেচবুকত তুমি, প্ৰেমৰ লুইত, তুলবুল তুলবুল, তোমাৰ বাবে গীতকেইটিয়ে ইতিমধ্যে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে ।গীতসমূহত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ লগতে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে ।গীতকেইটি আপোনালোকৰ সুবিধাৰ্থে ডাউনলোড কৰিব পৰাকৈ তলত লিংকৰ সৈতে গাঁঠি দিয়া হল ।।



                                                          DOWNLOAD LINK IS HERE

                                                                       BHIJA BHIJA
                                                     
BOLIYA KRISHNA
DURU DURU
DUSOKURE KAJOLOT
GUNGUNAI
MAJULIR DEKA
MUR FACEBOOKOT TUMI
PREMOR LUIT
TULBUL
TUMAR BABE









Popular Posts

About Me মোৰ বিষয়ে