Tuesday, April 28, 2020

ASSAMESE MP3 SONGS FREE DOWNLOAD || ZUBEEN GARG PAKHI ALBUM SONGS FREE DOWNLOAD




Lyrics (Pakhi Pakhi Ei Mon)
পাখি পাখি এই মন
                পাখি লগা মোৰ মন
                   পাখি মেলি যা উৰি ।
জাকি মাৰি গৈ নাম
                    এৰি অহা পদুলিত
                          বুটলি আন লৰালি ।।

দোকমোকালি মোৰ পঢ়াশালি
ইংৰাজী অংক তপিনাত এছাৰি
   খিৰিকি ফাঁকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভতি খেদা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপন
আইৰ নিচুকনি
      মৰমৰ বুলনি ।।

জোনমণি ৰুণজুন তেতিয়া চকুত জোন
নিভাঁজ আৱেগত টোপাটোপে সৰা সোণ
সাঁতুৰি নাদুৰি এটি এটি ৰাতি দিন 
খেলা লুকা চুৰি নিজকে বিচাৰো কোন 
ৰঙা নীলা চিলা
  উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে চকুলো বুটলি ৷৷



Lyrics/কথা (Ahe Ba Nahe Ghumoti)

আহে বা নাহে ঘুমতি আহিবা ৰাতি
সপোনকে লৈ
থাকে বা নেথাকে শাওনৰে ঢল তুমি
মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুণৰে খবৰ
তুমি ৰোৱা যেন মোলৈ ৷৷

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
নাচে বা নেনাচে জোনাকী হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ ৷৷

জোৰে বা নুজোৰে বান্ধি ল'ম
কিনো মৰমৰে এনাজৰীকে পাওঁ
বহে বা নবহে ফুলতে গৈ ৰঙিলী পখিলী 
তুমি ৰঙৰে চৈ ৷৷











Lyrics/কথা (Pakhi Meli Diye Mur)
♬পাখি মেলি দিয়ে মোৰ গানে আজি
ছাঁয়া হৈ ৰৈ তাৰ আহে নামি
হালধীয়া ৰঙ কিনো
বাখৰুৱা প্ৰাণ কিনো
বসন্ত নীবিড় নয়ন বুজাব খুজি
প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি
পাখি মেলি……

ৰ'দালি সাঁতুৰি যোৱা গানৰ কোমল গা
ভাগৰি নেভাগৰা তাৰ ঘামে ধোৱা গা
মেঘ-ৰঞ্জনী চুমি যাব যেনিবা
ভৈৰৱ পুৱা আৰু ভূপালি সন্ধ্যা ৷৷
নিষাদৰে ধাৰ কিনো
গান্ধাৰ পাৰ কিনো
আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি
পাখি মেলি… …

দুচকুৰ হিম মাথোঁ গানৰে প্ৰকাশ
তিৰবিৰ হাঁহিডৰা গানতে বিকাশ
অলেখ অযুত ৰামধেনুৰ গানতে আৱাস
সৰাপাতো কলিটিও গানৰে প্ৰৱাহ
তালে তালে ৰয় কিনো
সুৰে সুৰে বয় কিনো
ছন্দ প্ৰবাল মণি গুঁঠিব খুজি ৷
পাখি মেলি… …♥♥♥







Popular Posts

About Me মোৰ বিষয়ে